VIDYA UNNATI ACADEMY এটা শব্দত প্ৰকাশ কৰা ( বাক্- সংহতি) One Word Substitutes in Assamese. বাক্- সংহতি কাকবোলে ? বাক্- সংহতি :-- কোনো এটা বাক্য বা বাক্যৰ একোটা খণ্ড সংক্ষেপে কৰি একোটা শব্দতে প্ৰকাশ কৰিব পৰা যায় । ইয়াকে বাক্ - সংহতি বা এটা শব্দত প্ৰকাশ কৰা ব োলা হয় । তলত তাৰ কিছুমান উদাহৰণ দিয়া হ’লঃ— 1) ভাল দেখিব নোৱৰা– পৰশ্ৰীকাতৰ , চকু - চৰহা । 2 ) যি আনৰ অধীন নহয় — স্বাধীন । 3 ) যি আনৰ অধীন — পৰাধীন। 4 ) যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে — ডকাইত । 5 ) যি লোকে বিশ্বাস ৰাখিব নোৱাৰে— অবিশ্বাসী। 6 ) যি মাটিৰ উৎপাদিকা শক্তি নাই— অনুৰ্বৰা । 7 ) যি মাটিত সাৰ নাই— অসাৰুৱা । 8 ) ঘাঁহেৰে ভৰা যি ঠাই — ঘাঁহনি। 9 ) যি কথাৰ অৰ্থ নাই— নিৰৰ্থক , অর্থহীন , অর্থশূন্য । 10 ) খাবলৈ অনা কল - পুলি — পচলা । 11 ) কলেৰে ভৰা যি ঠাই— কলনি। 12 ) কাণেৰে নুশুনা যি মানুহ — কলা । 13 ) যি তিৰোতাই কাপোৰ ব’ব জানে— শিপিনী । 14 ) গৰু বন্ধা ঠাই— গোহালি । 15 ) ম’হ বন্ধা ঠাই — খুঁটি । 16 ) যি মাগি খায় — মগনিয়াৰ । 17 ) যি খুজি ...
This blog is educational blog. In this blog you have a lots about education and class 6 to 12 of all subjects all problem are solve in this blog. General knowledge, Information, Question paper, Questions And Answers etc. you get in this blog