এটা শব্দত প্ৰকাশ কৰা ( বাক্- সংহতি) One Word Substitution in Assamese.

 

    VIDYA UNNATI ACADEMY

এটা শব্দত প্ৰকাশ কৰা ( বাক্- স‌ংহতি) One Word Substitutes in Assamese.


বাক্- স‌ংহতি কাকবোলে?


বাক্- স‌ংহতি:-- কোনো এটা বাক্য বা বাক্যৰ একোটা খণ্ড সংক্ষেপে কৰি একোটা শব্দতে প্ৰকাশ কৰিব পৰা যায় । ইয়াকে বাক্ - সংহতি বা এটা শব্দত প্ৰকাশ কৰা  োলা হয় । তলত তাৰ কিছুমান উদাহৰণ দিয়া হ’লঃ—


1) ভাল দেখিব নোৱৰা– পৰশ্ৰীকাতৰ , চকু - চৰহা ।

2) যি আনৰ অধীন নহয় — স্বাধীন ।

3) যি আনৰ অধীন — পৰাধীন।

4) যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে — ডকাইত ।

5) যি লোকে বিশ্বাস ৰাখিব নোৱাৰে— অবিশ্বাসী।

6) যি মাটিৰ উৎপাদিকা শক্তি নাই— অনুৰ্বৰা

7) যি মাটিত সাৰ নাই— অসাৰুৱা ।

8) ঘাঁহেৰে ভৰা যি ঠাই — ঘাঁহনি।

9) যি কথাৰ অৰ্থ নাই— নিৰৰ্থক , অর্থহীন , অর্থশূন্য ।

10) খাবলৈ অনা কল - পুলি — পচলা ।

11) কলেৰে ভৰা যি ঠাই— কলনি।

12) কাণেৰে নুশুনা যি মানুহ — কলা ।

13) যি তিৰোতাই কাপোৰ ব’ব জানে— শিপিনী ।

14) গৰু বন্ধা ঠাই— গোহালি ।

15) ম’হ বন্ধা ঠাই — খুঁটি ।

16) যি মাগি খায় — মগনিয়াৰ ।

17) যি খুজি খায়— খোজনিয়াৰ ৷

18) যি দীর্ঘকাল জীয়াই থাকে — দীর্ঘজীৱী ।

19) গোটেই জীৱন জুৰি — আজীৱন ।

20) যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে — আত্মনিৰ্ভৰশীল , স্বাৱলম্বী ।

21) যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে— পৰনিৰ্ভৰশীল

22) যি বস্তু দিব পৰা নাযায়— অদেয় ।

23) যি কথা জনা নাযায়— অজ্ঞাত , অজানিত ।

24) যাক সহজতে লাভ কৰা যায়— সুলভ , অনায়াসলভ্য , সহজলভ্য ।

25) যাক সহজতে লাভ কৰিব নোৱাৰি— দুর্লভ । 




26) নোহোৱা বস্তু উদ্ভাৱন কৰোতা— আৱিষ্কাৰক , আৱিষ্কর্তা ।

27) যি আনৰ মুখলৈ বাট চাই থাকে— পৰমুখাপেক্ষী ।

28) যাৰ বল আছে — বলী ।

29) যি পথৰপৰা বিচলিত হৈছে — পথভ্রষ্ট

30) যি দেশৰ হকে মৃত্যুবৰণ কৰে— শ্বহীদ ।

31) যি মানুহৰ নিজাপী ঘৰ - বাৰী নাই বা একে ঠাইতে থিতাপি হৈ নথকা এজাতি মানুহ  অঘৰী ।

32) যি জন্তু ঘৰত পোহা হয়— পোহনীয়া

33) যি অতিশয় দীঘল নহয় – নাতিদীর্ঘ ।

34) যি জুইত পুৰি নাযায়— অদাহ্য

35) যি আগেয়ে শুনা নাই — অশ্রুতপূর্ব ।

36) যি ঘটনা আগেয়ে ঘটা নাই— অভূতপূর্ব

37) যি চিঠি বিলায়— পিয়ন ।

38) যি জনে বিয়া কৰোৱা নাই– অবিবাহিত , আবিয়ৈ । 

39) যি মানুহে দেশক ভাল পায়—

দেশপ্রেমিক

40) যাৰ ধন আছে — ধনী ।

41) যি মানুহ দেশৰ ভক্ত — দেশভক্ত

42) যাৰ বল নাই— নির্বলী , দুর্বল ।

43) যি জন কৰ্মত বীৰৰ তুল্য— কর্মবীৰ ।

44) যাৰ মান আছে— মানী ।

45) যি জন সাহিত্যত সম্রাটৰ তুল্য — সাহিত্য - সম্রাট ।

46) যি দুয়োটা চকুৰে দেখা নাপায় - অন্ধ ।

47) ঘৰত থকা জন্তু— ঘৰচীয়া

48) যি এটা চকৰে নেদেখে — কণা

49) যাৰ পিতৃ- মাতৃ দুয়ো মৰিছে — ঘাট মাউৰা

50) বাটেৰে যোৱা মানুহ — বাটৰুৱা

 

এতিয়া পঢ়া:- দশম শ্ৰেণীৰ  বিজ্ঞান কিতাপৰ অধ্যায়  ৬ :- জীৱন প্ৰক্ৰিয়া

উক্ত পাঠৰ কিছুমান  গুৰুত্বপূৰ্ণ  MCQ  প্ৰশ্ন উত্তৰ   সৈতে  দিয়া হৈছে ।

 

51) ত লৰা- ছোৱালী পঢ়ে — পঢ়াশালি , বিদ্যালয় ।

52) যি ঠাই অতি ঠাণ্ডাও নহয় , গৰমো নহয়— নাতিশীতোষ্ণ ।

53) যি ঠাই অতি কষ্টেৰে লঙ্ঘন কৰা যায় — দুর্লংঘ্য

54) যাক লংঘন কৰিব নোৱাৰি — অলংঘ্য ,

অলংঘ্যনীয়

55) বৰষুণ নোহোৱা যি বতৰ — খৰাং ।

56) যাৰ একোৱেই নাই— অকিঞ্চন , নিঃস্ব ।

57) বনত থকা বস্তু বা জন্তু - বনৰীয়া

58) যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত — প্রাতঃ স্মৰণীয়

59) যি সহজতে জীণ নাযায় – গুৰুপাকী , দুষ্পাচ্য।

60) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ — অজীর্ণ

61) যি তিৰোতাই ধান ৰোৱে– ৰোৱনী

62) যি তিৰোতাই ধান দায় – দাৱনী ।

63) যাক সহজে বুজা যায়— সহজবোধ্য ।

64) যাক বুজিব পাৰি— বোধগম্য ।

65) যি যন্ত্ৰেৰে হাতেৰে সূতা কাটে— যঁতৰ

66) হঠাতে হোৱা যি ঘটনা— আকস্মিক

67) ৰং আছে য’ত— ৰঙালী ।








68) জুই ধৰি ৰখা যি ঠাই — জুহাল ।

69) সোণৰ দৰে বৰণ যাৰ — সোণালী , সোণোৱালী ।

70) ৰূপৰ দৰে বৰণ যাৰ- ৰূপোৱালী ,

ৰূপালী ।

71) ভোগ আছে য’ত — ভোগালী ।

72) ৰন্ধা - বঢ়া কৰা যি ঠাই— ৰান্ধনি - শাল ।

73) যি একে গোত্ৰৰ — সগোত্ৰ

74) গধূলি চকুৰে যি নেদেখে —কুকুৰীকণা ।

75) যি সঁচা কথা কয়— সত্যবাদী ।

76) যি ইন্দ্ৰিয় জয় কৰিব পাৰে—

জিতেন্দ্ৰিয়

77) মাটিৰে যি নির্মিত — মৃন্ময়

78) যি তিৰোতাৰ স্বামী মৰিছে বিধৱা -- বাঁৰী ৷

79) মেলত যি পাৰ্গত— মেলেকী ।

80) যি পুৰুষৰ ঘৈণীয়েক মৰিছে— বৰলা , বিপত্নীক

81) যি নিজক নিজে পণ্ডিত বুলি ভাবে— পণ্ডিতম্মন্য ।

82) যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে— কিংকর্তব্যবিমূঢ় , হতবুদ্ধি ।

83) যি অনুষ্ঠান শৰৎ কালতে হয় —

শাৰদীয়

84) মিছা কথা যি কয় – মিছলীয়া

85) যি মাতৃৰ মাত্ৰ এটাহে সন্তান —

কাকবন্ধ্যা

86) একে মাকৰ যি সন্তান— সহোদৰ ,

সোদৰ

87) একে সময়তে হোৱা— সমসাময়িক ।

88) এবাৰ গুটি লাগি মৰা গছ — ওষধি ।

89) স্বামী থকা তিৰোতা- আয়তী , সধৱা

90) লোকক দেখি পাছত যি কৰা যায় – অনুকৰণ।

91) লোকক দেখি পিছে পিছে যোৱা— অনুসৰণ ।

92) লোকৰপৰা পোৱা নিন্দা – লোকনিন্দা । 

93) সাহ যাৰ আছে— সাহসী , সাহিয়াল ।

94) বঁটা সাৰিয়হেৰে কৰা চাটনি— কাহুদী

95) বিহুৰ আগ দিনা— উৰুকা

96) খাৰণি সমা সৰিয়হৰ গুৰি— খাঁৰলি , বেহুৱা ।

97) মাটিৰ নিচেই সৰু টেকেলি— ভুৰুকা

98) আনৰ দোষ দেখা স্বভাৱ — অসূয়া

99) ঠেং নোহোৱা ভেকুলী পোৱালি —

লালুকী ।

100) যি গুণীৰ গুণ বুজিব পাৰে —গুণগ্রাহী ।

 

বিপৰীত শব্দ:-        ১০০০(এক হাজাৰ)তকৈও অধিক অসমীয়া বিপৰীত শব্দ  শিকক এতিয়াই ক্লিক কৰক

 

101) যি বিদেশৰ পৰা আহে— বিদেশী

102) যাক ভেদ কৰিব নোৱাৰি— অভেদ্য ।

103) পি খোৱা যি বস্তু — পেয় ।

104) যাক সহজে ভেদ কৰিব নোৱাৰি— দুর্ভেদ্য ।

105) যি ঈশ্বৰক বিশ্বাস কৰে – আস্তিক ।

106) যি পৰৰ ঠাইত বাস কৰে — প্রবাসী ।

107) যি ঈশ্বৰক বিশ্বাস নকৰে— নাস্তিক ।

108) যি কষ্ট সহিব পাৰে— কষ্টসহিষ্ণু ।

109) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে— কৃতজ্ঞ ।

110) চেলেকি খোৱা বস্তু— লেহা ।

111) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে – অকৃতজ্ঞ , কৃতঘ্ন

112) যি পৰিণাম চিন্তা কৰি কাম কৰে— পৰিণামদর্শী

113) যাক সহজতে ভাঙিব পাৰে --ভংগুৰ ।

114) যি কোনো কাম কৰিব নোৱাৰে– অকর্মণ্য , অসাঁঠন

115) যি কথা কোৱা উচিত নহয়– অকথনীয় , অকথ্য ।

116) যি বিধিসন্মত — বৈধ ।

117) যি বিধি সন্মত নহয় বা বিধিৰ বিৰোধী — অবৈধ ।

118) দৰ্মহা নোলোৱাকৈ কৰা কাম— অবৈতনিক

119) প্ৰাণক পণ কৰি — প্ৰাণপণে ।






120
) চোবাই খোৱা যি বস্তু— চর্ব্য ।

121) যি ক্ষয় হ’বলৈ ধৰিছে— ক্ষয়িষ্ণু

122) যি ভৱিষ্যত চিন্তা কৰিব পাৰে—

দূৰদৰ্শী

123) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে— অদূৰদৰ্শী।

124) যি বাঢ়িবলৈ ধৰিছে— বৰ্দ্ধিষ্ণু ।

125) যাৰ সকলো বস্তু অঁটাকৈ আছে— আটন্তিয়াৰ।

126) যাৰ ঋণ আছে— ঋণী

127) এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় — আনজ

128) যাৰ হাত আঁঠুৰ তললৈকে পৰা— আজানুলম্বিত ।

129) যাৰ মৰণ নাই — অমৰ ।

130) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা— কৃতসংকল্প।

131) যি নিজে নিজে হয়— স্বয়ম্ভূ

132) কাৰো নাম নধৰাকৈ পৰা গালি— গুৱাল - গালি ।

133) যাৰ ধাৰ আছে— ধৰুৱা ।

134) যি দুই হাত সমানে চলাব পাৰে— সব্যসাচী ।

135) যাৰ সীমা নাই— অসীম ।

136) যি আনফালে মন দিয়ে — অন্যমনস্ক ।

137) যাক বধ কৰা উচিত — বধ্য ।

138) যাক নিবাৰণ কৰিব নোৱাৰি—

অনিবার্য ।

139) যাৰ ধৰ্মলৈ ভয় আছে— ধর্মভীৰু ।

140) যাক বৰ্ণনা কৰিব নোৱাৰি— অবর্ণনীয় ।

141) যাৰ আদি নাই— অনাদি ।

142) যাক পৰিত্যাগ কৰিব নোৱাৰি — অপৰিহাৰ্য বা অপৰিত্যাজ্য ৷

143) যাক কল্পনা কৰিব নোৱাৰি— কল্পনাতীত , অকল্পনীয় ।

144) যাৰ বিৱেচনা শক্তি নাই– অবিবেচক ।

145) যি নিশাহে চৰে – নিশাচৰ ৷

146) যি জানিব খোজে বা জানিবলৈ আগ্রহী— জিজ্ঞাসু ।

147) যিটো সুধিবলগীয়া— জিজ্ঞাস্য

148) যাক মূল্য দি কিনিব নোৱাৰি —

অমূল্য ।

149) মাগিলেও ভিক্ষা নোপোৱা সময় — দুর্ভিক্ষ ।

150) যি কাৰো পক্ষৰ বা ফলীয়া নহয় – নিৰপেক্ষ ।

151) বধ কৰিবৰ ইচ্ছা — জিঘাংসা ।

 

সামৰ্থকশব্দ (প্ৰতিশব্দ) ভাণ্ডাৰ   click here now

 

152) কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ — সঁজাতী

153) একেজন গুৰুৰে শিষ্য — সতীৰ্থ , হৰ্ভিকত

154) যাৰ আগমন আহ্বান কৰা হয় —

স্বাগত ।

155) যাক বধ কৰা অনুচিত — অবধ্য

156) যাৰ সীমা আছে যি সীমাবদ্ধ— সসীম

157) যাৰ অন্ত নাই— অনন্ত

158) যি নিয়ম মতে খৰচ কৰে — মিতব্যয়ী

159) যাৰ আশ্ৰয় নাই — নিৰাশ্ৰয়

160) যি সহ্য কৰিব পাৰে — সহিষ্ণু

161) যি গোচৰ তৰে — গুচৰীয়া

162) যাৰ ওপৰত গোচৰ তৰে — পদকীয়া

163) যি বিষ্ণুক উপাসনা কৰে — বৈষ্ণৱ ।

164) যি শক্তিক উপাসনা কৰে — শাক্ত ।

165) যি শিৱক উপাসনা কৰে— শৈৱ ।

166) যি একো নাজানে — অজ্ঞ ।

167) যি ভাষাত পাৰ্গত — ভাষাবিদ্ ।

168) যি কণীৰপৰা জন্মে — অণ্ডজ ।

169) যি একেলগে পঢ়ে —সহপাঠী । 

   







170
) যি নিজৰ পেটলৈহে চিন্তা কৰে— আপোনপেটীয়া , স্বাৰ্থপৰ ।

171) যি সমাপ্ত হোৱা নাই – অসমাপ্ত ।

172) য’ত কোনো মানুহ নাই – জনশূন্য

173) য’লৈ যোৱা কষ্টসাধ্য — দুর্গম ।

174) যি অনাই বনাই ঘূৰি ফুৰে— যাযাবৰ ।

175) যাৰ পূৰ্বজন্মৰ কথা মনত আছে—জাতিস্মৰ।

176) যি মাটি ফুটি ওলায় — উদ্ভিদ ।

177) যি কথা বিশ্বাস কৰিব নোৱাৰি —অবিশ্বাস্য|

178) যি মৰো মৰো অৱস্থা হৈছে মুমূৰ্ষু

179) যাৰ কথাৰ সাঁচ নাই লপা

180) ত মানুহ বেছি জন-বহুল

181) যাৰ মূৰত চুলি নাই তপা

182) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰেভিক্ষাৰী

183) যি ধন খৰচ নকৰে --  কৃপণ

184) যি মাছ মাংস খায় আমিষাহাৰী

185) যি মাছ মাংস নাখায়

নিৰামিষাহাৰী

186) যি যোগৰপৰা ভ্ৰষ্ট হৈছে যোগভষ্ট

187) যি অলপতে ভয় খাইভয়াতুৰ

188) যি ঘৰত ধান থয় বা ধান থোৱা ঘৰভঁৰাল

189) যি অলপতে শুনেশহাকণীয়

190) যি নানা অভাৱত থাকেঅভাৱগ্ৰস্ত, অভাৱী

191) জন্তুৰ নিচিনাজান্তৱ

192) যাৰ নাম নাইঅনামী, অনামা

193) যি নিয়মমতে খৰছ নকৰেঅমিতব্যয়ী

194) নাম নিদিয়াকৈ দিয়া (চিঠি আদি) —বেনামী

195) পনীয়া গাখীৰ দিয়া গাইজলাহী

196) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু খৰিচা

197) মিহি নোহোৱা গুৰি বা বস্তু লগত থকা আধাখুন্দা গুৰিখৰচি

198) যি কথা কব নোৱাৰে বোবা

199) যি বিদেশত থাকে প্ৰবাসী

200) যি অনাই বনাই ঘূৰি ফুৰে যাযাবৰ






                VIDYA UNNATI ACADEMY

Comments