Eid Ul Azha wishes in Assamese, Eid Al Adha History

আচ্ছালামু আলাইকুম অসম তথা ভাৰতৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক পোন প্ৰথমে vidyaunnatiacademy ৰ তৰফৰ পৰা পৱিত্ৰ ঈদ উল আজহা আন্তৰিক শুভেচ্ছা জনালোঁ। আশাঁ কৰো এই পৱিত্ৰ ঈদ-উল আজহা জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব। লগতে বিভিন্ন জাতি - জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলোঁ । বন্ধু-বান্ধৱী সকল আজি এই আৰ্টিকেলটোৰ জৰিয়তে আপোনালোকলৈ পৱিত্ৰ ঈদ-উল আজহাৰ। ঈদ-উল-জুহা বা ঈদ-উল আজহা ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ । এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে। Happy Eid Mubarak 2022 ঈ...