Rongali Bihu Wishes In Assamese: আপোনজনক এইদৰে জনাওক বিহুৰ শুভেচ্ছা

 

Rongali Bihu Wishes In Assamese: আপোনজনক এইদৰে জনাওক বিহুৰ শুভেচ্ছা

 


পদূলি মুখত হেঁপাহৰ ৰঙালী।অসমীয়াৰ পৰিচয় বহন কৰা বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে সমগ্ৰ অসমবাসী।অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে উদযাপন কৰিব ৰঙালী বা হাগ বিহু।পিছে, বিহু বুলি বন্ধু-বান্ধৱী তথা আপোনজনক আপুনিও নিশ্চয় শুভেচ্ছা জনাব।

আপুনি কিদৰে সকলোকে শুভেচ্ছা জনাব পাৰে, আপোনাৰ সুবিধা হোৱাকৈ তলত কেতবোৰ শুভেচ্ছা বাৰ্তা উল্লেখ কৰা হৈছে-

Happy Rongali Bihu Wishes In Assamese 2023 - ৰঙালী বিহুৰ শুভেচ্ছা

1.     ৰঙালী বিহুৰ শুভেচ্ছা জনালো। এই উৎসৱে সকলোলৈ কঢিয়াই আনক সুখ-সম্প্ৰীতি আৰু আশাৰ বতৰা।

2.     ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালো। নতুন বছৰটোয়ে আপোনালোকৰ জীৱনলৈ লৈ আনক অফুৰন্ত আনন্দ আৰু পোহৰৰ উৎস।

3.     হেঁপাহৰ ৰঙালীৰ ওলগ জনালো। ৰঙালীৰ প্ৰাকক্ষণত সকলোৰে মংগল কামনা কৰিলো।

4.     আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে হাগ বিহুৰ শুভেচ্ছা জনালো। সকলোৰে ভাল হওঁক।

5.     ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছো। ৰঙালীৰ দৰেই ৰঙীন হওঁক আপোনাৰ জীৱন।

6.     বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালো। এই বিহুৱে কঢিয়াই আনক ঐক্য আৰু সম্প্ৰিতীৰ বতৰা

7.     অসমীয়াৰ আয়ুসৰেখা হাগ বিহুৰ প্ৰীতি আৰু শুভকামনা  

8.     সমূহ অসমবাসী ৰাইজক বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। এই বিহুৱে প্ৰতিটো পৰিয়ালৰ বাবে কঢিয়াই আনক সুখ আৰু শান্তিৰ বতৰা। 

9.     বিশ্বৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়াক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছো। সকলোৰে ভাল হওঁক আৰু সকলো শান্তিত থাকক।

10.                       ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। এই বিহু সমাজৰ প্ৰতিজন লোকৰ বাবেই হৈ পৰক আনন্দৰ উৎস।

Happy Bihu Wishes In Assamese - বিহুৰ শুভেচ্ছা অসমীয়াত

1.     সকলো বন্ধু- বান্ধৱীক বিহুৰ শুভেচ্ছা জনালো। সকলো ভালে থাকক।সকলোৰে মংগল হওঁক।ৰঙালী বিহুৰ শুভেচ্ছা জনালো। HAPPY RONGALI BIHU

2.     অতিকৈ চেনেহৰ বহাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু , তাতোকৈ চেনেহৰ বহাগৰ বিহুটি , নাপাতি কেনেকৈ থাকোসকলো অসমবাসীক চেনেহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালো।

3.      আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে বহাগ বিহুৰ আন্তৰিক শুভকামনা থাকিল। নতুন বছৰটোয়ে যাতে সকলোলৈকে কঢ়িয়াই আনে সুখ-শান্তি আৰু আশাৰ বতৰা।

4.     হাগ বিহুৰ ওলগ জনালো। জিলিকি উঠক সকলোৰে জীৱন।

5.     সকলো অসমবাসীলৈ হাগ বিহুৰ ওলগ জনালো।অসমীয়াৰ প্ৰাণ বিহুটিয়ে সকলোৰে মনবোৰ মুকলি কৰক।

6.     সকলো বিষাদ দূৰ কৰি বিহুটিয়ে সকলোৰে বাবে কঢ়িয়াই আনক সুখ, সুখ আৰু কেৱল সুখ। শান্তিৰে ভৰি পৰক সকলোৰে জীৱন।বিহুৰ শুভেচ্ছা !

7.     ৰঙালীৰ বতৰে সকলোৰে মনবোৰ প্ৰেম-ভালপোৱাৰে ভৰাই তোলক।প্ৰেমময় হৈ পৰক সকলোৰে পৃথিৱী।

8.     বিহুৰ শুভেচ্ছা জনালো।সম্প্ৰীতি আৰু ভাতৃত্ববোধৰে হেঁপাহৰ বিহুটিক আদৰো আহক।  

9.     হাগ আকৌ আহিল। চৌদিশে এতিয়া কেৱল ঢোলৰ গুমগুমনি, তগৰ-কপৌ-নাহৰৰ গোন্ধ।বিহুটিয়ে যাতে সকলোৰে জীৱন জীপাল কৰি তোলে, তাৰেই কামনা কৰিছো।

10.                       বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰাণ, এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান।সদৌ অসমবাসীক বিহুৰ হিয়াভৰা ওলগ জনালো।

Read Also:- EID wiches click here

Happy Bihu Wishes In Assamese - Goru Bihu Wishes

1.     লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই বি বৰ গৰু।সকলো অসমবাসীকে গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো।

2.     আজি উৰুকা, কাইলৈ গৰু বিহু।সকলো অসমবাসী ৰাইজক গৰু বিহুৰ শুভেচ্ছা জনালো।

3.     আৰম্ভ হেঁপাহৰ ৰঙালী।সকলোকে গৰু বিহুৰ শুভেচ্ছা জনালো।

4.     সমগ্ৰ ৰাজ্যবাসীক গৰু বিহুৰ লগতে সাত বিহুৰ শুভেচ্ছা জনালো।

5.     আজি গৰু বিহু।সকলো ৰাইজলৈ গৰু বিহু শুভকামনা।

6.     সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা থাকিল। এই ৰঙালীত ৰঙীন হৈ পৰক সকলোৰে জীৱন।তাৰেই কামনা কৰিছো।

7.     দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক।সদৌ অসমবাসীক গৰু বিহুৰ শুভেচ্ছা জনালো।

8.     গৰু বিহুৰ শুভেচ্ছা জনালো।শস্যৰে ভৰি পৰক সকলোৰে পথাৰ।সকলোৰে ঘৰবোৰ ধান-ধনৰে ভৰি পৰক।

9.     সদৌ অসমবাসীক আজি গৰু বিহুৰ আন্তৰিক শুভকামনা জনালো।অসমীয়া কৃষকৰ খেতি নদন-বদন হওঁক, ভৰি পৰক সকলোৰে ভঁড়াল।

10.                        গৰু বিহুৰ লগতে ৰঙালীৰ শুভকামনা।সকলো কুশলে থাকক।

 

Comments

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

HSLC |SEBA| Science Lesson-6 Life Process Most Important MCQ| Questions and Answers Class X

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English