SARASWATI PUJA IN ASSAM 2022- SARASWATI PUJA MANTRA - ASSAMESE - why celebrate SARASWATI puja

প্ৰচলিত লোকাচাৰৰ মতে সৰস্বতী মা'ক শিক্ষাৰ আৰাধ্য দেৱী হিচাপে পূজি অহা হৈছে। শাস্ত্ৰ অনুসাৰে মা সৰস্বতীক সাহিত্য, কলা আৰু সংগীতৰ দে‍ৱী হিচাপে মানি অহা হৈছে। পশুকো মানুহ কৰিব পৰা আৰু অন্ধক নেত্ৰ দিয়াৰ অধিকাৰী হিচাপে সৰস্বতী দেৱীক ধৰা হয়। 

            মনত ৰাখিব লগীয়া 
 সৰস্বতী দেৱীৰ পুষ্পাণ্জলি মন্ত্ৰ ( saraswati puja mantra ) :-
   Om Bhadro Kallyoi Namo Nityang        Saraswatyoi Namo Namah Veda Vedanta   Vedanga Bidya sthanebhaya Ebacho esso   swachandana Billyopatro Pushpanjali Om   Oing Shree Shree Saraswatoi Namoh।। 

 সৰস্বতী দেৱীৰ প্ৰনাম মন্ত্ৰ ( saraswati devi mantra in assamese ) :-
 ওঁ জয় জয় দেৱী চৰাচৰ চাৰে, কুচযুগ শোভিত মুক্তাহাৰে বীণা পুস্তক ৰঞ্জিত হস্তে ভগবতি ভাৰতী দেবী নমোহস্তুতে ।। ওঁ সৰস্বতী মহাভাগে বিদ্যে কমলোচনে বিশ্বৰূপে বিশালাক্ষি বিদ্যেং দেহি নমোহস্তুতে ।।

গণতন্ত্ৰ দিৱস বিষয়ে অসমীয়ত জানিবলৈ ইয়াত ক্লিক কৰক 

বিচাৰ, সংবেদনতা আৰু ভাবনাৰ ক্ষেত্ৰত সৰস্বতী দেৱীয়ে কৃপা কৰিব পাৰে। ইয়াৰ ফলতে সৰস্বতী দেৱীৰ আৰাধনা কৰি মহাকবি কালিদাস আদিৰ নিচিনা বিদ্বানে উচ্চ শিক্ষা লাভ কৰি সকলোকে চমক দিছিল।

 

সৰস্বতী দেৱীৰ আৰাধনা কৰি মনৰ স্হিতিত সুপ্ত মস্তিষ্কৰ ক্ষমতাৰ লগতে বুদ্ধিক সম্পূৰ্ণৰুপে জাগ্ৰত কৰি ইয়াৰ পৰিসীমা বৃদ্ধি কৰিব পাৰি।সৰস্বতী দেৱীৰ উপাসনা ভাববিজ্ঞানৰ মূল অংগ। মন:শাস্ত্ৰ অধ্যয়ণকৰ্তা সকলে বিশ্বাস কৰে যে, ব্যায়াম, কলা আৰু অধ্যয়ণৰ নিচিনা উপাসনাও এক প্ৰক্ৰিয়া । এই চেতনাই ৰহস্যময়ী কথা বা ঘটনাৰ উৎস উলিয়াই অনাত সহায় কৰে। সৰস্বতী দেৱীৰ আৰাধনা বিধি সন্মত কৰি মনুষ্য উন্নতিৰ শিখৰলৈ বগাব পাৰে।

Readalso:-https://vidyaunnatiacademy.blogspot.com/2021/01/assam-board-seba-syllabus-for-class.html

 সৰস্বতী দেৱীৰ স্বৰূপ অলৌকিক ।মা' সৰস্বতী দেৱীৰ মুখ এখন আৰু হাত চাৰিখন। মুখত সদায় হাহি প্ৰষ্ফুতিত হৈ থাকে। হাহিত উল্লাসৰ প্ৰমান থাকে। হাতত লৈ থকা বীণাখনে সংসাৰ আৰু কলাত্মকৰ বোধ কৰায়। এখন হাতত পুস্তক , যি জ্ঞানৰ স্বৰূপ। চতুৰ্থ হাতখনিত থকা সৰস্বতী মালাই পবিত্ৰতাক বুজায়।
সৰস্বতী দেৱীৰ বাহন হল ৰাজহাঁহ । ই হৈছে আধ্যাত্মিক নিপুণতা আৰু মোক্ষৰ প্ৰতীক । সৰস্বতী দেৱীৰ লগত থাকে ময়ুৰ পক্ষী । ময়ুৰ, হল মধুৰ কণ্ঠ, নৃত্য আৰু সৌন্দৰ্যৰ প্ৰতীক । দেৱীৰ মুখত বিৰিঙি থকা হাহিটোৱে জীৱনটো প্ৰসন্ন কৰি তোলে। মা' সৰস্বতী দেৱীৰ জন্ম ব্ৰহ্মা দেৱৰ মুখত হৈছিল বাবে মা' সৰস্বতী দেৱীক বাণী আৰু কণ্ঠৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়।

Download SEBA Previous year questions paper click here 

 

মা' সৰস্বতী দেৱীয়ে আমাৰ জীৱনৰ জড়তা দুৰ কৰি জ্ঞানেৰে পৰিপূৰ্ণ কৰে । মাত্ৰ যোগ্য অনুসাৰে বিধিসন্মত ভাবে আমি সৰস্বতী দেৱীৰ পূজা কৰিব লাগে।

  
   
প্ৰত্যেক বছৰে হিন্দু কেলেণ্ডাৰ মতে
 মাঘ মাহৰ Vasant Panchami তিথিৰ দিনটো সৰস্বতী পূজা (saraswati puja) হিচাপে পালন কৰা হয়। 

ভাৰতৰ কোনো কোনো ঠাইত সৰস্বতী পূজা (saraswati puja)
Vasant Panchami
বুলিও কোৱা হয়।

Saraswati Puja 2022 Date :-

5th February 2022,

(Tuesday).
 ৫ ফেব্ৰুৱাৰী  ২০২২,
(মঙ্গলবাৰ)

Comments

Post a Comment

Thanks for the comment

Popular posts from this blog

Class 11 Alternative English | Chapter 1 Suitor and Papa | by Anton Chekhov| Summary Suitor and Papa

The Last Lesson – All Important Questions and Answers (Short, Long, Very Long) | Class 12 Flamingo English

Class 10 Social Science (SEBA) – Complete Chapter-wise Q&A (All in One Guide)